নতুন দিল্লী, ২৬ আগষ্ট। নেচনেল পিপলছ পাৰ্টি চমুকৈ এনপিপিয়ে শনিবাৰে ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ এখন বৈঠকৰ আহ্বান কৰিছে। এনপিপিয়ে ৰাষ্ট্ৰীয় মঞ্চত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সাজু হৈছে। নতুন দিল্লীৰ সংবিধান ক্লাবত অনুষ্ঠিত হ'ব এই কাৰ্যনিৰ্বাহক সভা। 

সভাত মেঘালয়ত অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হ'ব। লগতে অনাগত দিনত দেশৰ বিশেষকৈ হিন্দী ভাষী ৰাজ্যবোৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যবোৰত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ ৰণনীতিৰ ওপৰত আলোচনা কৰিব। বৈঠকত এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাও উপস্থিত থাকিব।