সাপেখাতিত দীপাৱলীৰ আনন্দৰ মাজতে ঘটিল ঘটনাটো। পাৰিবাৰিক কণ্ডলৰ বাবেই সাপেখাতীত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু।

চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী বৰেগাওঁ ত দীপান্বিতা উল্লাহৰ মাজতে আজি পুৱা স্বামীৰ দা'ঘাপত পত্নীৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে আজি বৰেগাওঁৰ নিবাসী মণ্টু মানকি আৰু পত্নী সংগীতা মানকিৰ মাজত কোনো কথাত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ পাছতে কোনো কথা অৱতাৰণা নকৰি মণ্টু মানকিয়ে নগা দা'হে ডিঙিত উপৰ্যুপৰি ঘাপ মাৰে। যাৰ ফলত পত্নী অথা সংগীতা মানকিৰ থিতাতে মৃত্যু হয়। গাওঁৰক্ষী বাহিনীয়ে মণ্টু মানকিক ধৰি আৰক্ষীক খৱৰ দিয়ে আৰু ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ মণ্টু আটক কৰে