গাড়ী ভাড়ালৈ লৈ যাত্ৰীৰূপী চোৰৰ পলায়ন৷ ধৃত গভাইত গাড়ীচোৰ মেঘালয় নংপুৰ আশীষ বৰা লিণ্ড৷ চতিয়া আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে গাড়ীচোৰটোক৷ মেঘালয়ৰ পৰা অৰুনাচল তাৰ পিছত তেজপুৰ লৈ ভাড়াত আনিছিল AS 01 GC 0377 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখন৷ চালকক এৰি তেজপুৰৰ পৰা গাড়ী লৈ উধাও৷

GPS ৰ সহযোগত তেজপুৰ আৰক্ষীয়ে Location Track কৰি জামুগুৰি, চতিয়া থানাক নিৰ্দেশ দিয়ে যদিও চোৰে আৰক্ষীৰ বেৰিকেট ভাঙি পলায়ন কৰাৰ চেষ্টা কৰে কিন্তূ বিশ্বানাথ আৰক্ষীয়ে কৌশলৰে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আশীষ বৰা লিণ্ড নামৰ কুখ্যাত গাড়ী চোৰ জনক আৰু লগতে ছুইফ্ট ডিজায়াৰ বাহনখনো উদ্ধাৰ কৰিব সক্ষম হয়।