দৰঙৰ কৌপাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দৰং জিলাৰ উদ্যোগত বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ দিন ধৰি চলি থকা প্ৰাথমিক শিক্ষা বৰ্গৰ সামৰণি পৰে । সামৰণিৰ দিনা বল্লভ ভাই পেটেল বিদ্যালয়ৰ পৰা  কৌপাতী অঞ্চলত প্ৰায় তিনি কিমি পথ সঞ্চলন অনুষ্ঠিত হৈ যায়৷  পথ সঞ্চলনত  জিলা কাৰ্যনিৰ্বাহ ধ্ৰুৱ জ্যোতি বৰুৱা, দলগাওঁ খণ্ডৰ সংঘ চালক অশোক উপাধ্যায়, বৰ্গ কাৰ্যবাহ গোবিন্দ শৰ্মা বৰুৱাৰ লগতে  শতাধিক স্বয়ংসেৱকে অংশ গ্ৰহণ কৰে৷