দৰং জিলাত জলজীৱন আঁচনিৰ ৰেহৰূপ দেখি খঙত অগ্নিশৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। 

জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ শৰ্মাক কৈফিয়ৎ তলৱ।

 শাখা বিষয়া প্ৰতুল ভড়ালীক নিলম্বন।

ছিপাঝাৰতো নিশালৈকে বিভিন্ন স্থানত পৰিদৰ্শন কৰে আঁচনিৰ কাম।

বিভিন্ন স্থানত ৰাইজে মন্ত্ৰীগৰাকীৰ সন্মূখত বিভাগীয় বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

দলগাৱঁৰ বিধায়ক মজিবৰ ৰহমান, মঙলদৈৰ বসন্ত কুমাৰ দাস, ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশীসহ সদলবলে ছিপাঝাৰত উপস্থিত হোৱা মন্ত্ৰী গৰাকীৰ সন্মুখত ৰাইজে আঁচনিৰ নামত লুণ্ঠনহে চলোৱা বুলি অভিযোগ কৰে।

ছিপাঝাৰতো আঁচনিৰ কাম পৰিদৰ্শন কৰি সন্তুষ্ট হ'ব পৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকী।