গোলাঘাটৰ নগৰৰ সমীপত অবৈধ বালি আৰু মাটি খননৰ বিৰুদ্ধে ওলাই আহিল শতাধিক মহিলা ৷ 

, গোলাঘাট ২৬ আগষ্ট।

 ৷ গোলাঘাট নগৰৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত ধনশিৰী কলনিত দীৰ্ঘদিন ধৰি একেটা ৱাৰ্ডৰে বাসিন্দা মহেন শইকীয়াই নৈৰ কাষৰীয়া অঞ্চলত মাটি খনন চলাই অহা ফলত বাৰিষা কালত অঞ্চল টোত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ৷ স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰে যে এই মাটি খনন কাৰ্য বন্ধ কৰাৰ বাবে মহেন শইকীয়াক স্থানীয় বাৰম্বাৰ অনুৰোধ কৰিছিল যদিও মহেন শইকীয়াই খনন কাৰ্য বন্ধ নকৰাৰ পিছত ৰাইজে কাষতে অৱস্থিত বন বিভাগ কাৰ্যালয়ৰ বিষয়াক অৱগত কৰে। কিন্তু ৰহস্যজনক ভাৱে বন বিভাগৰ কর্মীৰ দল উক্ত খনন স্থলীত উপস্থিত হৈ সাধাৰণ ভাবে নিৰীক্ষণ কৰিয়েই দায়িত্ব সামৰাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰে ৷ আজি একাংশ স্থানীয় ৰাইজে নিজ কলনীৰ পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু বন বিভাগ তথা মহেন শইকীয়াৰ বিৰুদ্ধে নানা শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য এই নৈৰ কাষৰীয়া অঞ্চলত JCBৰ সহায়ত মহেন শইকীয়াই দীৰ্ঘদিন ধৰি খনন কাৰ্য চলাই আহিছে যদিও এই খনন কাৰ্যৰ বাবে তেখেতক বন বিভাগে কিদৰে অনুমতি প্ৰদান কৰিছে সেইয়া লক্ষনীয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বন বিভাগৰ খণ্ড কাৰ্য্যালয়ৰ নিচেই কাষত তথা নৈপৰীয়া অঞ্চলত কি ভিত্তিত JCB সহায়ত মাটি খননৰ অনুমতি দিয়া হৈছে ? সেইয়া এক ডাঙৰ প্ৰশ্ন ?