*শিৱসাগৰত গাওঁৰক্ষী বাহিনীৰ জন্মদাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ ৫৩ তম স্মৃতি দিৱস উৎযাপন*

সদৌ অসম গাওঁৰক্ষী বাহিনীৰ জন্মদাতা প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ ৫৩ তম স্মৃতি দিৱস শিৱসাগৰ সদৰ থানাৰ গাওঁৰক্ষী বাহিনীৰ কাৰ্য্যলয়ত অনুষ্ঠিত কৰা হয় | হৰিনাৰায়ণ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় নাম-প্ৰসংগ | পুৱাই পতকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে থানা সমিতিৰ সহকাৰী সম্পাদক প্ৰবীন শইকীয়াই | লগতে হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে শিৱসাগৰ মহকুমাৰ গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা বিশ্ব জ্যোতি ভুঞাই | চক্ৰসংগঠক অবেন দাসে আঁতধৰা এই অনুষ্ঠানত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগল কিশোৰ কলিতা সাংবাদিক দ্ৰোণ খঙীয়া আদি কৰি শতাধিক গাওঁৰক্ষী বাহিনীৰ সদস্য উপস্থিত থাকে |