দুই শিক্ষা বিষয়াই বন্ধ কৰিলে “বৰভূঞা প্ৰাথমিক বিদ্যালয়“....
চৰাইদেউ জিলাৰ পাটসাঁকো বৰভূঞা গাৱঁত অৱস্থিত আৰু ১৯৬১ চনতে স্হাপিত বৰভূঞা প্ৰাথমিক বিদ্যালয় খনি স্হানীয় আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ লগত চামিল কৰাত বৰভূঞা গাৱঁবাসী আচৰিত হৈছে ৷ কিয়নো বৰভূঞা প্ৰাথমিক বিদ্যালয়ত ২৩ জন ছাত্ৰছাত্ৰী থকাৰ বিপৰীতে আদৰ্শ প্ৰাথমিক বিদ্যালয়ত মাত্ৰ ৬ জন ছাত্ৰছাত্ৰী আছে। সুন্দৰ আন্তগাঠনি থকা বৰভূঞা বিদ্যালয় খনি কি কাৰণত চেপন শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অতুল দাসে ৬ জন ছাত্ৰছাত্ৰী থকা বিদ্যালয়খনৰ লগত চামিলকৰণ কৰিছে সেয়া গাওঁবাসীৰ বাবে ৰহস্যৰ বিষয় হৈ পৰিছে ৷ এই বিষয়টো সন্দভত বৰভূঞা গাৱঁবাসীয়ে স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মহনদেৱক অৱগত কৰিছিল যদিও মন্ত্ৰী জনৰ কথা জিলা শিক্ষা বিষয়া আৰু চেপন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াজনে অলপো গুৰুত্ব নিদিলে৷ এজন কেবিনেট মন্ত্ৰীৰ কথাকো কেৰেপ নকৰা শিক্ষা বিষয়া দুজনক বৰভূঞা গাৱঁৰ ৰাইজে দুয়োখন বিদ্যালয় পৰিদৰ্শনৰ বাবে বাৰম্বাৰ আহ্বান জনাইছিল যদিও সেই কথাতো তেওঁলোকে গুৰুত্ব নিদিলে ৷ বৰ্তমান আদৰ্শ বিদ্যালয়ত ৯ ছাত্ৰছাত্ৰী আৰু ৮ জন শিক্ষক আছে৷ ইতিমধ্যে এই বিষয়টো মাননীয় শিক্ষা মন্ত্ৰীৰ লগতে জিলা উপায়ুক্তক স্মাৰকপত্ৰ যোগে জনোৱাৰ ব্যৱস্থা কৰা হৈছে৷