যোৰহাট,আগষ্ট ২৬:দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ১ নং সমষ্টি, যোৰহাটৰ নিৰ্বাচন সন্দৰ্ভত আজি উপায়ুক্ত কাৰ্যালয়ত যোৰহাটৰ ৰিটাৰ্নিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ সভাপতিত্বত সকলো ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ সভাত পৰিষদৰ আগন্তক নিৰ্বাচনৰ বাবে আজি আনুষ্ঠানিকভাৱে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ সংশ্লিষ্ট এলেকাৰ ইচ্ছুক ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভূক্ত কৰাৰ লগতে যিকোনো ওজৰ আপত্তি থাকিলে অহা ১২ ছেপ্তেম্বৰৰ ভিতৰত পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ঢেকৰগঢ়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত গৈ নিস্পত্তি কৰিব পাৰিব৷ উক্ত তাৰিখৰ পিছত ভোটাৰ তালিকা সম্পৰ্কীয় কোনো ওজৰ আপত্তি গ্ৰহণ কৰা নহ'ব বুলি অতিৰিক্ত উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে৷

    উল্লেখ্য যে, অহা ২৬ ছেপ্তেম্বৰ,২০২২ তাৰিখে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্ণাঙ্গ ভোটাৰ তালিকা প্ৰকাশ পাব৷সভাত পশ্চিম ৰাজহ চক্ৰ বিষয়া পল্লব জ্যোতি দাস, ঢেকৰগঢ়া উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য কেশৱ দেউৰীৰ লগতে ৰাজনৈতিক দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷