উত্কোচ লৈ দুৰ্ণীতি নিৰীক্ষণ নিবাৰক শাখাৰ জালত পৰিল ধেমাজি পৰিবহন বিভাগৰ মুখ্য সহায়ক

শুভ চুতীয়া, ধেমাজি, ২৬আগষ্ট:

দুৰ্ণীতিৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ অভিযান চলোৱা দূৰ্ণীতি নিবাৰক শাখাৰ জালত পৰিছে বহু দুৰ্ণীতিত লিপ্ত চৰকাৰী বিষয়া কৰ্মচাৰী| এইবাৰ 

দূৰ্নীতি নিৰীক্ষণ ও নিবাৰক শাখাৰ জালত পৰিল ধেমাজি পৰিবহন বিভাগৰ এজন চৰকাৰী কৰ্মচাৰী ৷

ইৰিক্সাৰ ট্ৰেড লাইচেঞ্চ ৰিণিউৱেলৰ নামত সঘনাই ধন দাবী কৰি থকাৰ অভিযোগৰ পিছত বৃহস্পতিবাৰে আবেলি মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিৰীক্ষণ ও নিবাৰক শাখাই পঞ্জীভূত গোচৰ নং 31/2022 ৰ ভিত্তিত নিজ কাৰ্যালয়ৰ চেম্বাৰত ১৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে ধেমাজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ বৰবাবু গোবিন বৰদলৈক ৷ দূৰ্নীতি নিৰীক্ষণ ও নিবাৰক শাখাই আটকাধীন বৰবাবু গোবিন বৰদলৈৰ ধেমাজিৰ নলিনীপামস্থিত বাসগৃহতো তালাচী চলায়| উল্লেখ্য যে, পূৰ্বৰ পৰা ধেমাজি পৰিবহন বিভাগৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈ আহিছিল আৰু অৱশেষত চিলাপথাৰৰ এটা বেটেৰী ৰিক্সা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা উত্কোচ লওঁতেই এনেদৰে দুৰ্ণীতি নিবাৰক শাখাৰ এটা দলে হাতে লুটে কৰায়ত্ত কৰে কৰ্মচাৰীজনক| এই অভিযানৰ পিছত বহু লোকে দুৰ্ণীতিৰ বিৰুদ্ধে লোৱা এনে অভিযানক আদৰণি জনাইছে যদিও ধেমাজিৰ আৰু বহুকেইটা চৰকাৰী কাৰ্যালয়ত এনে দুৰ্ণীতিত লিপ্ত কৰ্মচাৰী আছে, যিসকলৰ বিৰুদ্ধে অনাগত দিনত অভিযান চলাবলৈ দূৰ্নীতি নিৰীক্ষণ ও নিবাৰক শাখাক আহ্বান জনাইছে|