ওদালগুৰিত পিৰামল ফাউন্ডেশনৰ মুক্ত আকাশ কাৰ্য্যসূচী

পিৰামল ফাউন্ডেশনৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্রশাসন তথা জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ(DRDA) সহযোগত আজি ওদালগুৰি জিলাৰ হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ঋতুস্ৰাব সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় যায়। মুক্ত আকাশ প্ৰকল্পৰ অধীনত আয়োজিত সজাগতামূলক সভা খনত কিশোৰী ছাত্ৰী সকলক ঋতুস্ৰাব সন্দৰ্ভত সজাগ কৰাৰ লগতে চেনিটাৰি পেড বিতৰণ কৰি ইয়াৰ ব্যৱহাৰৰ সম্পৰ্কে বিশদ ভাৱে অৱগত কৰোৱা হয়। অনুষ্ঠানত ছাত্ৰী সকলে ঋতুস্ৰাবৰ সময়ত সন্মুখীন হৈ অহা নানান ব্যক্তিগত সমস্যা সমূহ অৱগত কৰাৰ লগতে সমাজত ঋতুস্ৰাবক কেন্দ্ৰ কৰি চলি অহা অন্ধবিশ্বাস, কু সংস্কাৰ, পৰম্পৰাগত ৰীতি নীতি সমূহৰ বিষয়ে মত বিনিময় কৰে । অনুষ্ঠানটোৰ শেষত ১৬০ গৰাকীৰো অধিক ছাত্ৰীক চেনিটাৰি নেপকিনো প্ৰদান কৰা হয়। উল্লেখ যে, সমাজত ঋতুস্ৰাবক কেন্দ্ৰ কৰি চলি থকা কু- সংস্কাৰ, অপ- সংস্কৃতি বোৰৰ বিষয়ে সজাগ কৰি কিশোৰী সকলে স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুস্ৰাবৰ সময়ত লব লগা যতন সমূহৰ বিষয়ে অৱগত কৰি কিশোৰী ছাত্ৰী সকলৰ বাবে এখন মুক্ত আকাশ গঢ়ি তোলাৰ প্ৰয়াসেৰে পিৰামল ফাউণ্ডেশ্যনৰ উদ্যোগত এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। আজিৰ এই অনুষ্ঠানত পিৰামল ফাউণ্ডেচনৰ জিলা প্ৰমূখ ৰাজীৱ শইকীয়া , প্ৰগ্ৰাম লিডাৰ সুপ্ৰিয়া কাকতি , গান্ধী ফে'ল আৰাধনা শইকীয়া , ৰিতুমণি বড়ো , জেমচন নিংথাওযামৰ লগতে স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বহু কেইগৰাকী বিষয়া , শিক্ষক , শিক্ষয়েত্ৰী , মহিলা সংগঠনৰ বিষয়- ববীয়া আদিয়ে ভাষণ আগবঢ়ায়।