চিলাপথাৰত শিশু অপহৰণৰ ঘটনা, সুমন ৰয় নামৰ যুৱক গ্ৰেপ্তাৰ কৰি ধেমাজি ন্যায়িক জিম্মালৈ প্ৰেৰণ আৰক্ষীৰ

চিলাপথাৰত পুনৰ সংঘটিত হৈছে শিশু অপহৰণৰ ঘটনা ৷ ঘটনাটোৱে চিলাপথাৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে কালি চিলাপথাৰ নগৰৰ মাজতে পৰিয়ালে উদ্ধাৰ কৰিবলৈ সক্ষম হল কনমানি শিশু গৰাকীক ৷ চিলাপথাৰ নতুন মিচিং গাঁওৰ নিবাসী নিৰঞ্জন চৰকাৰৰ কন্যা তথা চিলাপথাৰ এম বি স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী সুস্মিতা চৰকাৰ(১২)ৰ মঙ্গলবাৰৰ দিনা পুৱা প্ৰায় ৮.৪৫ বজাত বিদ্যালয়লৈ উলাই যোৱাৰ পিছতেই নিৰূদ্দেশ হৈ পৰে ৷ ইপিনে দুখীয়া দিন হাজিৰা কৰি পৰিয়াল পো-পাল দি থকা মাতৃ আৰু পৰিয়ালবৰ্গই বহু ঠাইত অনুসন্ধান চলাই যদিও চলোৱাৰ পিছতো সম্বেদ উলিয়াব নোৱাৰি আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপে ৷ ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অপহৰণকাৰী চিলাপথাৰ গান্ধী নগৰৰ নিবাসী সুভম ৰয়(৩০) য়ে ধৰা পৰা ভয়ত আবদ্ধ কোঠাৰ পৰা মুকলি কৰি দিয়ে ৷ অৱশেষত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৩/৩৪২/৩৭৬/, আৰ/ডল্লিউ Sec 4 fo pocso act ২০১২ ধাৰাৰ অধীনত চিলাপথাৰ আৰক্ষীয়ে ১৫৫/২০২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি অপৰাধীক আজি ধেমাজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইপিনে কনমানি ছাত্ৰীগৰাকীক বহিঃৰাজ্যত বিক্ৰি কৰাৰ চক্ৰান্ত চলোৱা বুলি সচেতন মহলৰ লগতে পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে।