মৰিগাঁও জিলাৰ মৈৰাবাৰীত মুফটি মুস্তাফা নামৰ এজন জেহাদীৰ লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। 

দীৰ্ঘদিন ধৰি মুস্তাফাই জমিউল হুদা মাদ্ৰাছা চলাই আহিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে। 

বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা মুস্তাফাই জেহাদীৰ পৰা ধন লোৱাৰ অভিযোগো আছে।

বৰ্তমান জেহাদীজনৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে।