তিনিচুকীয়া জিলাৰ ফিল'বাৰীত চাহ খেতিয়ক আৰু চাহ শ্ৰমিকৰ মাজত এক প্ৰশিক্ষণৰ কাৰ্য্যসূচী সম্পন্ন হয় ।

চলিডাৰিডেড এছিয়া নামৰ এটা বেচৰকাৰী সংগঠনে ট্ৰিনিটি কাৰ্য্যসূচী আৰু Vi smart agri project নামৰ এটা প্ৰকল্পৰ অধীনত ফিল'বাৰী সোণাপুৰ দেউৰী গাঁৱৰ মিন্টু দেউৰী নামৰ এজন ব্যক্তিৰ চাহ বাগিছাত প্ৰশিক্ষণ প্ৰদান কৰে ।

লাভজনক ভাৱে চাহ খেতি কৰা আৰু গুণগত মানদণ্ডৰে চাহপাত চিঙা কাৰ্য্যৰ প্ৰশিক্ষণ প্ৰদান কৰে চলিডাৰিডেড এছিয়া নামৰ সংগঠনটোৰ সমল ব্যক্তি কংকণজ্যোতি দেৱ গোস্বামীয়ে ।

প্ৰশিক্ষণ কাৰ্য্যসূচীটোত মুঠ ১৪ গৰাকী লোকে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰিও দুগৰাকী ট্ৰিনিটি খেতিয়কেও অংশগ্ৰহণ কৰে ।