নতুন দিল্লী, ২৬ আগষ্ট। অহা ৫ ছেপ্টেম্বৰত বিজ্ঞান ভৱনত ৪৬ জন শিক্ষকক ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুৱে। শিক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক বিজ্ঞপ্তিত এই তথ্য প্ৰদান কৰিছিল। শিক্ষক দিৱস উপলক্ষে শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত এক ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। 

Sponsored

स्वामी विवेकानंद सीनियर सेकण्डरी स्कूल बूंदी (राजस्थान)

प्रवेश प्रारंभ | लगातार 37 वर्षों से सर्वश्रेष्ठ परिणाम देने वाली ज़िले की अग्रणी संस्था | कक्षा नर्सरी से 12 वीं तक | संकाय : कला, विज्ञान, वाणिज्य, कृषि

বঁটাসমূহৰ বাবে এক অনলাইন তিনি-স্তৰৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষক বাছনি স্বচ্ছ ভাৱে কৰা হয়। শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষকসকলৰ অনন্য অৱদানৰ ওপৰত আলোকপাত কৰা আৰু এনে শিক্ষকসকলক সন্মান জনোৱা। এই মহান গুৰুসকলে কেৱল তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা শিক্ষানুষ্ঠানৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাই নহয়, লগতে শিক্ষাৰ্থীসকলৰ জীৱনো সমৃদ্ধ কৰিছে।