বৰহাটত কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ ৰাম টাঙোন

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহবানত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে যোৱা 25 আগষ্ট তাৰিখে সোণাৰি সমষ্টিৰ “ বৰহাট নগৰত “মূল্যবৃদ্ধিৰ ৰাম টাঙোন’’ শীৰ্ষক এক কাৰ্যসূচী চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী ৰ নেতৃত্বত ৰূপায়ন কৰা হয় ৷উক্ত কাৰ্যসূচীত বৰহাট অঞ্চলৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ মুৰব্বী আৰু গ্ৰাহক সকলক লগ কৰি বৰ্ধিত মূল্য বৃদ্ধিত তেওঁলোকৰ মতামত গ্ৰহন কৰা হয় ৷আৰু ক্ৰেটা আৰু বিক্ৰেতা দুয়োপক্ষই মূল্যবৃদ্ধিৰ বিৰোধে নিজৰ তিব্ৰ ক্ষোভ ব্যক্ত কৰে ৷

উক্ত কাৰ্যসূচীত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোৱঁৰ ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈ ,সাপেখাটি ব্লক কংগ্ৰেছ ৰ সভাপতি বিৰেণ বৰা,ৰুণু বৰুৱা কে আদি কৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী য় অংশ গ্ৰহন কৰে ৷