আজিৰ খবৰ, গুৱাহাটী,২৮ জুলাই,২০২২- বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত প্ৰকৃতি সংৰক্ষণ দিৱস উপলক্ষ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰকৃতি সুৰক্ষিত কৰাৰ মানসৰে প্ৰায় বিছ হাজাৰ বিভিন্ন প্ৰজাতিৰ, সৰু-ডাঙৰ গছৰ পুলি ৰোপণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰে ভিতৰত দহ হাজাৰ পুলি বিমানকোঠৰ ভিতৰত আৰু দহ হাজাৰ বিমানকোঠৰ বাহিৰত ৰোপণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰোপৰি প্ৰায় আঠ বিঘা মাটি খহাই তাত পুলি সংৰক্ষণৰ ব্যৱস্থা অব্যাহত আছে। ইয়াৰ ভিতৰত ৩৫ বিধ বিভিন্ন প্ৰজাতিৰ সৰু-ডাঙৰ গছ, দহবিধমান বিভিন্ন প্ৰজাতিৰ ফুল আৰু ফলৰ গছো আছে। এই গছ পুলিসমূহ সুন্দৰকৈ পৰিকল্পিত ৰূপত সজাবলৈ বিমানকোঠৰ আগমন কক্ষৰ বাহিৰত প্ৰায় ১০৫০ বৰ্গৰ ফুটৰ এখন কংক্ৰীত বেৰাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে। চৌহদৰ ভিতৰত বিভিন্ন শাক-পাচলিৰ পুলি সংৰক্ষণৰ বাবে এখন নাৰ্চাৰীৰ ব্যবস্থাও কৰাও হৈছে। গছবোৰে ভালদৰে গুড়িত পানী পাবৰ বাবে 'ড্ৰিপলাইন' প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। বতাহ শুদ্ধিকৰণ আৰু বতাহত অক্সিজেনৰ মাত্ৰা বঢ়াবৰ বাবে নিম গছকে ধৰি ঠায়ে-ঠায়ে প্ৰায় ৬০০ গছ ৰোপণ কৰা হৈছে। শেহতীয়াকৈ 'ফ্ল'ৰা আৰু ফ'না' নামৰ এখন পাৰ্ক নিৰ্মাণ কৰা হৈছে য'ত যাত্ৰীসকলে ইচ্ছানুসৰি সেউজীয়া গছৰ তলত বহি সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছে। প্ৰকৃতি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিমানকোঠে লোৱা এই ব্যতিক্ৰমিক পদক্ষেপ সমূহে অহা-যোৱা কৰা যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সমূহ কাৰ্য নিয়াৰীকৈ চলাই নিবলৈ বিমানকোঠে আচুতীয়াকৈ 'হৰ্তীকালচাৰ বিভাগ' নামেৰে এটা বিভাগো খুলিছে। এই বিভাগে বিমানকোঠৰ পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাত মুখ্য ভূমিকা পালন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्यमंत्री एकनाथ शिंदे यांच्या दसरा मेळाव्यास बीड जिल्ह्यातून 100 बस गाड्या जाणार - कुंडलिक खांडे, सचिन मुळूक
बीड दि.04 (प्रतिनिधी)- शिवसेनेचे मुख्य नेते तथा मुख्यमंत्री एकनाथ शिंदे यांच्या मुंबई येथील...
દિયોદર વિધાનસભા કોંગ્રેસ દ્વારા પરિવર્તન સંકલ્પ યાત્રા
દિયોદર વિધાનસભા કોંગ્રેસ દ્વારા પરિવર્તન સંકલ્પ યાત્રા..
Share Market Recap: बाजार में शानदार रौनक, Nifty 22,032.30 के पास हुआ बंद, जानें कहां तेजी-मंदी?
Share Market Recap: बाजार में शानदार रौनक, Nifty 22,032.30 के पास हुआ बंद, जानें कहां तेजी-मंदी?
वाहतूक कोंडी सोडवण्यासाठी शिरूर हवेलीचे आमदार अशोक पवार उतरले रस्त्यावर
वाहतूक कोंडी सोडवण्यासाठी शिरूर हवेलीचे आमदार अशोक पवार उतरले रस्त्यावर