আজিৰ খবৰ, গুৱাহাটী,২৮ জুলাই,২০২২- বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত প্ৰকৃতি সংৰক্ষণ দিৱস উপলক্ষ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰকৃতি সুৰক্ষিত কৰাৰ মানসৰে প্ৰায় বিছ হাজাৰ বিভিন্ন প্ৰজাতিৰ, সৰু-ডাঙৰ গছৰ পুলি ৰোপণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰে ভিতৰত দহ হাজাৰ পুলি বিমানকোঠৰ ভিতৰত আৰু দহ হাজাৰ বিমানকোঠৰ বাহিৰত ৰোপণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰোপৰি প্ৰায় আঠ বিঘা মাটি খহাই তাত পুলি সংৰক্ষণৰ ব্যৱস্থা অব্যাহত আছে। ইয়াৰ ভিতৰত ৩৫ বিধ বিভিন্ন প্ৰজাতিৰ সৰু-ডাঙৰ গছ, দহবিধমান বিভিন্ন প্ৰজাতিৰ ফুল আৰু ফলৰ গছো আছে। এই গছ পুলিসমূহ সুন্দৰকৈ পৰিকল্পিত ৰূপত সজাবলৈ বিমানকোঠৰ আগমন কক্ষৰ বাহিৰত প্ৰায় ১০৫০ বৰ্গৰ ফুটৰ এখন কংক্ৰীত বেৰাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে। চৌহদৰ ভিতৰত বিভিন্ন শাক-পাচলিৰ পুলি সংৰক্ষণৰ বাবে এখন নাৰ্চাৰীৰ ব্যবস্থাও কৰাও হৈছে। গছবোৰে ভালদৰে গুড়িত পানী পাবৰ বাবে 'ড্ৰিপলাইন' প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। বতাহ শুদ্ধিকৰণ আৰু বতাহত অক্সিজেনৰ মাত্ৰা বঢ়াবৰ বাবে নিম গছকে ধৰি ঠায়ে-ঠায়ে প্ৰায় ৬০০ গছ ৰোপণ কৰা হৈছে। শেহতীয়াকৈ 'ফ্ল'ৰা আৰু ফ'না' নামৰ এখন পাৰ্ক নিৰ্মাণ কৰা হৈছে য'ত যাত্ৰীসকলে ইচ্ছানুসৰি সেউজীয়া গছৰ তলত বহি সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিছে। প্ৰকৃতি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিমানকোঠে লোৱা এই ব্যতিক্ৰমিক পদক্ষেপ সমূহে অহা-যোৱা কৰা যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই সমূহ কাৰ্য নিয়াৰীকৈ চলাই নিবলৈ বিমানকোঠে আচুতীয়াকৈ 'হৰ্তীকালচাৰ বিভাগ' নামেৰে এটা বিভাগো খুলিছে। এই বিভাগে বিমানকোঠৰ পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাত মুখ্য ভূমিকা পালন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bulandshahr: नहर से निकल कर दो पैरों पर खड़ा हुआ मगरमच्छ ! | Aaj Tak | Latest News
Bulandshahr: नहर से निकल कर दो पैरों पर खड़ा हुआ मगरमच्छ ! | Aaj Tak | Latest News
লাহৰীঘাটৰ কাঠনিত কৃষি বিভাগৰ কঠিয়া হলগৈ গৰু ছাগলীৰ ঘাঁহ
লাহৰীঘাটৰ কাঠনি বীজপামত কৃষি বিভাগৰ কঠিয়া হলগৈ গৰু ছাগলীৰ ঘাঁহ।বানাক্ৰান্ত কৃষকৰ মাজত কঠিয়া বিতৰণ...
চিৰনিদ্ৰাত শুই থকা বন্ধু নিপন গোস্বামীৰ ফটো দেখি আৱেগিক হৈ পৰিল বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া
'ভাবিবই নোৱাৰো, আগত যেনেকৈ আছিল আজিও একেই থাকিল'
'ফটোখন দেখিলে কোনেও নকয় শেষ শয়নত তেওঁ পৰি আছে...
વડગામના વેપારી મથક છાપીમાં ફૂડ વિભાગના દરોડા...
વડગામના વેપારી મથક છાપીમાં ફૂડ વિભાગના દરોડા...