সোণাৰিৰ সাপেখাতিত বননীতি উলংঘনৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।

সোণাৰিত আৰক্ষী বিষয়াৰ বিৰুদ্ধে বন নীতি উলংঘনৰ অভিযোগ। বন বিভাগৰ অজ্ঞাতে আৰক্ষী বিষয়াৰ নিৰ্দেশত গছ কটাৰ অভিযোগ বনকৰ্মী তথা স্থানীয় লোকৰ। সোণাৰিৰ সাপেখাতি আৰক্ষী থানাৰ উপপৰিদৰ্শক নৱনীতা দলেৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। আৰক্ষী উপ পৰিদৰ্শক গৰাকীৰ নিৰ্দেশত সাপেখাতি গোবিন্দপুৰ নিবাসী টিংকু তেলীৰ ম্যাদি পট্টাত থকা মূল্যবান গছ কটাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। তথ্য অনুসৰি টিংকু তেলীৰ চৌহদত থকা গছৰ বাবে প্ৰতিবেশী পৰিয়াল এটাৰ গৃহ নিৰ্মাণ কৰি থকাত সমস্যাৰ সন্মুখীন হোৱা বুলি সাপেখাতি আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল প্ৰতিবেশী পৰিয়ালটোৱে। ইয়াৰ পাছতেই টিংকু তেলীৰ ঘৰত সাপেখাতি আৰক্ষী থানাৰ উপ পৰিদৰ্শক নৱনীতা দলে উপস্থিত হৈ চৌহদত থকা গছসমূহ কাটিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষী বিষয়া গৰাকীৰ লগত বাকবিতণ্ডাৰো সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। আনহাতে পৰৱৰ্তী সময়ত এই বিষয়ে বন বিভাগে জানিব পাৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।