*আমগুৰিত অৰুণোদয় আচনিৰ নামত চলিছে ব্যাপক দুৰ্নীতি*

ৰাজ্যৰ অৰুণোদয় মাহ চলি থকা সময়তে অৰুণোদয় আচঁনিত ব্যাপক বিসংগতি আৰু অনিয়ম  সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে | আমগুৰি নামতি আলি পঞ্চায়তৰ অন্তগৰ্ত জোলা গাৱঁৰ অৰ্ধ শতাধিক মহিলাৰ অৰুণোদয় আচঁনিত নাম থকাৰ পিছতো আচঁনিৰ ধন লাভ নকৰা তথ্য পোহৰলৈ আহিছে | অৰুণোদয় আচঁনিৰ হিতাধিকাৰীৰ ঘৰে ঘৰে নিৰীক্ষণ কৰিবলৈ অহাৰ ছাত্ৰছাত্ৰীৰ তথ্যত পোহৰলৈ আহিছে এই ভংকৰ কাণ্ড | চৰকাৰে মহিলা সকলক সকাহ দিয়াৰ উদ্দেশ্যৰে ৰূপায়ণ কৰিছিল অৰুণোদয় আচঁনি | কিন্তু এই আচঁনিত চলিছে ব্যাপক দুৰ্নীতি | শীঘ্ৰে মহিলা সকলক ধন মোকলাই দিব আহ্বান জনাই ৰাজ্য চৰকাৰক |