আজিৰ খবৰ, গুৱাহাটী ,২৮ জুলাই, ২০২২ : আজি কিছুদিন পূৰ্বে মৈৰাবাৰীত সংঘটিত হৈছিল নিৰ্লজ্জ-জঘন্য এক ঘটনা! ঘটনা অনুসৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত ৪ যুৱক আৰু এগৰাকী কিশোৰীয়ে বনাইছিল সভ্য সমাজক লজ্জানত কৰা পৰ্ণ ভিডিঅ’। তাৰ পিছত সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাত সমাজসচেতন মহিলাসকলে মাত মাতিছিল ঘটনাটোৰ বিৰুদ্ধে আৰু থানাত এজাহাৰ দাখিল কৰিছিল সেই ৪ যুৱকৰ বিৰুদ্ধে। কিন্তু আচৰ্যজনক কথাটো এইটোৱে যে মৈৰাবাৰী আৰক্ষীয়ে সেই ৪ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰাৰ বিপৰতে অশ্লীল ঘটনাটোৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰা দুই সাংবাদিক ক্ৰমে মুস্তাফিজুৰ আৰু নাছিদুৰকহে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। সেই অশ্লীল ঘটনাৰ বাতৰি পৰিবেশন কৰি পোহৰলৈ অনাৰ দোষত মৈৰাবাৰী আৰক্ষীয়ে যি সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত কৰিছে তাক কামৰূপ মহানগৰ জাফা সমিতিৰ সভাপতি অৱনী বৰুৱা আৰু সম্পাদক মিন্টু হাজৰিকাই তীব্র ভাষাৰে গৰিহনা দিয়াৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ক আহ্বান জনাইছে যাতে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে। তদুপৰি সভাপতি বৰুৱাই সাংবাদিক দুগৰাকীক শীঘ্ৰেই মুক্তি প্ৰদান কৰি গনতন্ত্রৰ চতুৰ্থ স্তম্ভৰ সাংবিধানিক মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ অসম আৰক্ষীক আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આજે પ્રમુખ સ્વામી શતાબ્દી મહોત્સવનું BAPSના વડા મહંતસ્વામી મહારાજ અને PM મોદીના હસ્તે ઉદ્ઘાટન
આજે પ્રમુખ સ્વામી શતાબ્દી મહોત્સવનું BAPSના વડા મહંતસ્વામી મહારાજ અને PM મોદીના હસ્તે ઉદ્ઘાટન
मणिपुर में महिला को निर्वस्त्र घुमाने के विरोध में एनएसयूआई ने किया धरना प्रदर्शन
पन्ना।
मणिपुर में महिलाओं को निर्वस्त्र घुमाने के विरोध में एनएसयूआई ने किया धरना प्रदर्शन...
Realme UI 6.0 Update: रियलमी के स्मार्टफोन को मिलेगा नया अपडेट, Android 15 के साथ आएगा लेटेस्ट UI
Realme ने अपने अपकमिंग यूजर इंटरफेस Realme UI 6.0 रिलीज करने का एलान कर दिया है। यह सॉफ्टवेयर...
गुनौर नगर में जाम के झाम से होती है परेशानी
बाईपास रोड से क्यों नहीं जाते भारी वाहन?
गुनौर : गुनौर नगर में आए दिन लगने वाले जाम ने गुनौर नगर की रफ्तार को थाम दिया है।...
સુરત જિલ્લામાં જામ્યો વરસાદી માહોલ કામરેજ ચારરસ્તા પાસેના સર્વિસ રોડ પર ભરાયા પાણી
સુરત જિલ્લામાં જામ્યો વરસાદી માહોલ કામરેજ ચારરસ્તા પાસેના સર્વિસ રોડ પર ભરાયા પાણી