মা দীর্ঘেশ্বৰী দেৱালয়ত ৰাজ্যবাসীৰ মংগলৰ কাৰণে প্রার্থনা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।। দেৱালয়ৰ পৱিত্ৰতা-শান্তিয়ে এজন ব্যক্তিক আধ্যাত্মিকতাৰ অনুভৱেৰে সমাজৰ কল্যাণৰ বাবে পৰমেশ্বৰৰ প্ৰতি নিজকে সমৰ্পিত কৰি আগুৱাই যাবলৈ উৎসাহ যোগায় বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।। দক্ষিণা কালী মহা যজ্ঞৰ মাংগলিক উপলক্ষত দেৱালয়ত এখন স্মৰণিকা উন্মোচন কৰি অনন্য সুখ লাভ কৰিছো বুলিও মন্তব্য প্ৰকাশ ।। এই স্মৰণিকাখনে সমগ্ৰ ৰাজ্য আৰু বাহিৰৰ লোকসকলক মা দীৰ্ঘেশ্বৰী দেৱালয় আৰু ইয়াৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।।