চলিত বৰ্ষত বানত ক্ষতিগ্ৰস্ত হোৱা লোকৰ মাজত সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো আৰ্থিক অনুদান প্ৰদান কাৰ্যসুচী অনুস্থিত হয় ।
বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত আৰ্থিক অনুদান বিতৰন অুস্থানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহনে অসমৰ মূখ্যমন্ত্ৰীক ধন্যবাদ জনায় ।
ৰাজ্য খনত হৈ যোৱা বানপানীত বিশেষ ভাৱে ক্ষতিগ্ৰস্থ ভৈয়াম অঞ্চলৰ পৰিয়ালক ৯৫১০০ টকাকৈ,আৰু পাহাৰুৱা অঞ্চলৰ পৰিয়ালক ১০০৫০০ আৰু আংশিক ভাবে ক্ষতিগ্ৰস্ত পৰিয়াল ভৈয়ামাত ৰ লোকক ৩২০০ টকাকৈ আৰু পাহাৰুৱা অঞ্চলৰ লোকক ৫০০০ টকাকৈ দিয়াৰ কথা ঘোষনা কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।
সেইমৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাতো বানত ক্ষতিগ্ৰস্ত ৩৯৮৮ গৰাকী লোকক আনুস্থানিক ভাৱে আৰ্থিক অনুদান প্ৰদান কৰা হয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।
একেখন মঞ্চতে মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰা অৰুনোদয় মাহৰ বাক্সা জিলাত শুভ উদ্ধোধন কৰে মন্ত্ৰী গৰাকীয়ে ।
বাক্সা জিলাতো আজিৰে পৰা অৰুনোদয় আচনিৰ যোগ্য লোকৰ জৰীপ কাৰ্য চলিব বুলি মন্তব্য কৰি অসম চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি বহি: জিলাৰৰ লোকক জৰিপ কাৰ্যত নিয়োগ কৰি দুৰ্নীতি মূক্ত কৰাৰ সংকল্প লোৱাৰ কথা ব্যক্তকৰে মন্ত্ৰী যোগেন মোহনে ।
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুই ৰাইজৰ পৰা আৰ্থিক অনুদান বিচৰা বুলি প্ৰচাৰ হোৱা কাৰ্যৰ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী যোগেন মোহনে অসম চৰকাৰৰ আৰ্থিক নাটনি হোৱা নাই বুলি কয় । শিক্ষা মন্ত্ৰী ৰনোজ পেগুই আৰ্থিক ভাৱে স্বচ্চল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক তেওৰ নিজৰ বিদ্যালয় খনত সাধ্যানুসাৰে অনুদান দিয়াৰ কথাহে প্ৰকাশ কৰিছিল বুলি কয় মন্ত্ৰী যোগেন মোহনে ।
ইফালে আজি অৰুনোদয় মাহৰ শুভ উদ্ধধন কৰি প্ৰত্যেকটো ভি চি ডি চি তে জৰিপ চলাই উপযুক্ত হিতাধীকাৰীক চিনাক্ত কৰা হব বুলি উল্লেখ কৰে ।
এই জৰীপ কাৰ্যত স্কুলীয়া ছাত্ৰক নিয়োগ কৰি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হব বুলিকয় মন্ত্ৰী গৰাকীয়ে ।
বাক্সা জিলা অতিৰীক্ত উপায়ুক্ত আশ্ৰাফুল আলমে উদ্দেশ্য বাখ্যা কৰা সভাত উপস্থিত থাকে বিধায়ক ভুপেন বড়ো , বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো , ই এম ঘনশ্যাম দাস , ৰাকেশ ব্ৰহ্ম আৰু জিলা প্ৰশাসনৰ কেবাগৰাকী বিষয়া কৰ্মচাৰী ।