শাৰদীয় দূৰ্গোৎসৱৰ ২১ দিন পূৰ্বে চাহ শ্ৰমিকৰ বোনাছ মোকলাই দিয়াৰ দাবী অসম চাহ মজদুৰ সংঘৰ। সৰ্বোচ্চ ২০ শতাংশ বোনাছ আদায়ৰ সন্দৰ্ভত ইতিমধ্যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাগিছাৰ মালিক সন্থাৰ সংগঠনসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে চাহ মজদুৰ সংঘই। এই কথা প্ৰকাশ কৰিছে বিধায়ক তথা ACMSৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই। শ্ৰমিকৰ বোনাছৰ ক্ষেত্ৰত আপোচ নকৰে অসম চাহ মজদুৰ সংঘই।
ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰী নিৰ্ধাৰণ সন্দৰ্ভতো মন্তব্য ACMSৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মধ্যস্থতাত এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকেও অন্তৱৰ্তীকালীনভাৱে লাভ কৰিব ২৩২ টকা দৈনিক মজুৰী। চলিত মাহৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱা বুলি প্ৰকাশ বিধায়ক গোৱালাৰ। এইক্ষেত্ৰত ৰাজ্যৰ ৬ লাখ ক্ষুদ্ৰ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ বাবে যুগান্তকাৰী পদক্ষেপ বুলি প্ৰকাশ। যিকোনো উদ্যোগ-কাৰখানাত কৰ্মৰত শ্ৰমিকে বোনাছ লাভ কৰাটো আইনসংগত। তেনেস্থলত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকেও বোনাছ পাব লাগিব।