জলসম্পদ বিভাগৰ দ্বাৰা ধেমাজি জিলাৰ জোনাই ঐৰাম ঘাট এলেকাত চিয়াং নদীৰ ভয়াবহ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইন স্ক্ৰিনিং ব্যৱস্থা অব্যাহত ৰাখিছে৷

জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডলৰ অধীনৰ ঐৰাম ঘাটৰ গৰাখহনীয়া ৰোধৰ বাবে সংস্হাপন কৰা পাৰ্কুপাইন স্ক্ৰিনিং কামৰ অগ্ৰগতি বিষয়ে  বুজ লোৱাৰ বাবে আজি ইং ২৭ জুলাই ২০২২ তাৰিখে ১১৪ নং জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু ঐৰাম ঘাটত উপস্থিত হয়৷

বিধায়কজনৰ পৰিদৰ্শন সময়ত জলসম্পদ বিভাগৰ বিষয়াৰ লগতে স্হানীয় ৰাইজ উপস্থিত থাকে ৷