কেন্দ্ৰ বিদ্যালয়ৰ প্ৰতিভাৱান প্ৰাক্তন ছাত্ৰী প্ৰয়াত সুকণ্যা ডেকাৰ স্বৰচিত কবিতা "তিল দা দমছ ডে"আজি বিদ্যালয় খনৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজত উন্মোচন কৰা হয়।আজি বিয়লি ২-৩০ বজাত মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াৰ সভাপতিত্বত সুকণ্যাৰ পিতৃ মাতৃৰ উদ্যোগত দেৱভূষন বৰাৰ সম্পাদনাত প্ৰকাশ কৰা গ্ৰন্থ খনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ তথা শিক্ষা গুৰু বাসুদেৱ উপাধ্যায়য়ে। সভাখন উদ্বোধন কৰি মাজুলী মহাবিদ্যালয় অধ্যক্ষ ড দেৱজিৎ শইকীয়াই তীক্ষ্ণ মেধা সম্পন্ন ,সকলোকেআকৰ্ষণ কৰিব পৰা গুণ থকা সুকণ্যা উঠি অহা প্ৰজন্মৰ মাজত আদৰ্শ হৈ থাকিব বুলি উল্লেখ কৰে।সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড ডম্বৰুধৰ নাথে শিশু অৱস্থা ৰ পৰাই সুকণ্যা প্ৰতিবেশী হিচাপে লগ পাই এক সম্ভাৱনা থকা সুকণ্যা ৰ লগত,শৈক্ষিক, বৌদ্ধিক সকলো কথা অভিজ্ঞতা থকা ব্যক্তিৰ লগত আলোচনা কৰা আদি স্মৃতি কথা সদৰী কৰে। পুথিখনৰ সম্পাদনা কৰা দেৱভূষন বৰাই শৈশৱৰ পৰাই সুকণ্যা ই লিখা অতি গুৰুত্বপূৰ্ণ বিষয়, কবিতা আদি পঢ়ি বহু বছৰ আগতেই প্ৰতিভাৰ উমান পোৱা বুলি জানিবলৈ দি পিতৃ মাতৃৰ ভূমিকাক শলাগ লয়। সভাত মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষড আনন্দ হাজৰিকা, উপাধ্যক্ষা আৰতি বৰা, আইলেন্ড একাডেমীৰ অধ্যক্ষ পূৰ্বজ্যোতি বৰা, মাজুলী জিলা ম ইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ হিতেশ দাসে সুকণ্যাৰ বিভিন্ন ধৰণৰ প্ৰতিভাৰ লগতে সংগীত আৰু সাহিত্য চৰ্চাৰ বিষয়ে ভাষণ দিয়ে।সুকণ্যাৰ পিতৃ মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক জিতেন ডেকা আৰু মাতৃ অসমীয়া বিভাগৰ অধ্যাপিকা মায়াশ্ৰী ডেকাই নিজ কণ্যাৰ লগত ১৮বছৰীয়া সান্নিধ্য ৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে। উক্ত সভাতে সুকণ্যাৰ স্মৃতি যুগমীয়া কৰিবলৈ পুথভড়ালৰ বাবে একলাখ টকাৰ চেক বিদ্যালয়ৰ অধ্যক্ষৰ হাতত অৰ্পন কৰে।সভা ত বিদ্যালয় খনৰশিক্ষক আৰু ছাত্র-ছাত্ৰী সকলে সংস্কৃত মন্ত্ৰ,গীত পৰিৱেশন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली मुंबई रेलवे लाइन पर मिला अज्ञात व्यक्ति का शव केशोरायपाटन
दिल्ली मुंबई रेलवे लाइन पर मिला अज्ञात व्यक्ति का शव
केशोरायपाटन
केशोरायपाटन...
गेपरनाथ से रावतभाटा कावड़ यात्रा
रावतभाटा- इस पावन पवित्र सावन 2 अगस्त को महाशिवरात्रि पर आ रही 6वीं कावड़ यात्रा गेपरनाथ कोटा...
Luxury Car Sales: May 2024 में रही लग्जरी कारों की बिक्री में गिरावट, जानें किस कंपनी की कारों की कितनी रही मांग
फेडरेशन ऑफ ऑटोमोबाइल डीलर्स एसोसिएशन (FADA) की ओर से May महीने में देशभर में हुई वाहनों की बिक्री...
ऊसतोड मजुरांच्या तुळजाभवानी कामगार संघटनेचे हालगीनाद आंदोलन
ऊसतोड मजुरांच्या तुळजाभवानी कामगार संघटनेचे हालगीनाद आंदोलन