তেজপুৰ নগৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাওঁত দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অবস্থিত। ১৯২১-২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালৰ গাঁথনি উদ্ধাৰ কৰা হয়। বিশ্বাস কৰা হৈছে যে এই ঠাইত বাণ ৰজাই হৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমিয়া কৰি ৰাখিবৰ বাবে ' হৰি হৰাত্মক ' শিৱ প্ৰতিস্থা কৰি মন্দিৰৰ নিৰ্মাণ কৰিছিল। বৰ্তমান দ-পৰ্বতীয়াত থকা দ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাবশেষ। আকৌ কোনো কোনো প্ৰত্নতত্ত্ববিদে এয়া গুপ্ত যুগৰ আটাইটকৈ পুৰণি স্মৃতি চিহ্ন বুলি কবলৈ বিচাৰে। বৰ্তমান এই শিলৰ দ্বাৰ ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষণ কৰা হৈছে। এই দ-পৰ্বতীয়াৰ শিলৰ দ্বাৰক ভাৰতৰ দ্বিতীয় তোৰণ বুলি ও কোৱা হয়।

কৃষ্ণৰ হাতত বাণ যুদ্ধত পৰাজিত হয় আৰু সুস্থ হৈ কৃষ্ণৰ প্ৰতি বাণৰ ভক্তি উপজিছিল আৰু হৰি-হৰ অভিন্ন বুলি জ্ঞাত হৈছিল। সেয়ে হৰি হৰাত্মক শিৱ মন্দিৰ প্ৰতিস্থা কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল। এই মন্দিৰটো আহোম ৰজাৰ যুগত পুণৰ নিৰ্মাণ কৰিছিল যদিও ১৯৯৭ চনৰ বৰ ভুমিকম্পত সি নি:শেষ হৈ গৈছিল।তাতে থকা এটিয়াৰ শিল ইটা তথা ভগ্নাবশেষবোৰ দেখিলেই এই কথা অনুধাবন কৰিব পৰা যায়।