তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰংগামেলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 

জানিব পৰা মতে, আজি আবেলি ৫ বজাত তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকীৰ অধীনৰ সেনা চাউনীৰ সন্মুখত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়৷ 

এছ ০১ ই টি ৮৮০৭ নম্বৰৰ গাড়ী খনে ৰঙিয়াৰ পৰা দৰংগামেলা অভিমুখে গৈ আছিল যদিও সেনা চাউনীৰ সন্মুখ পোৱাৰ লগে লগে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটি দ' খাৱৈত পৰে। 

ফলত লগে লগে এজন লোক নিহত হয় আৰু চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হয়। 

নিহত যুৱকজনৰ ঘৰ তামুলপুৰ জিলাৰ হৰতোলা গাঁৱৰ সুব্ৰাসিং মুছাহাৰীৰ পুত্ৰ চানৰাইজ মুছাহাৰী ( ২৯) ৷ 

আহত চাৰিজন ক্ৰমে হৰতোলা গাঁৱৰে মিথিচাৰ মুছাহাৰী, মাওৰা সিং মুছাহাৰী, আইজাক নাৰ্জাৰী আৰু মাইকেল নাৰ্জাৰী।

গুৰুতৰভাৱে আহত মিথিচাৰ মুছাহাৰী, মাওৰা সিং মুছাহাৰীক উন্নত চিকাৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। 

ইপিনে আইজাক নাৰ্জাৰী, মাইকেল নাৰ্জাৰীৰ আঘাত গুৰুতৰ নোহোৱাত চিকিৎসকে ঘৰলৈ যাব দিয়ে।