গোলাঘাটত ৰন্ধনকৰ্মীৰ প্ৰতিবাদ

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো বিদ্যালয় সমূহৰ ৰন্ধন কর্মী সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চাৰি দফীয়া দাবী সমূহ পূৰণ কৰাৰ বাবে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা অহা বিদ্যালয় সমূহৰ ৰন্ধনকৰ্মী সকলে বিদ্যালয় সমূহত মধ্যান্ন ভোজন প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ ব্যক্তিগত কৰণৰ সিদ্ধান্তক বাতিল কৰা, ৰন্ধনকৰ্মী সকলৰ যোৱা সাত মাহৰ মাননি আদায় দিয়া লগতে তেওঁ লোকৰ মাননি আইন সন্মত প্ৰদান কৰাৰ দাবী জনায়। চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰেই যদি এই দাবী সমূহ পূৰণ নকৰিলে ভৱিষ্যত অধিক তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।