গোৱালপাৰা তথা দুধনৈ আৰক্ষীৰ জালত আন এটা জেহাদী ৷ যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যোগীঘোপাৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুছ শোৱাহান ওৰফে আব্দুছ চৌহানক । পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা জেহাদী ৰেকিব, গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা ইমাম আব্দুছ শোভান আৰু পলাতক হৈ থকা জাকিৰ নামৰ আন এটা জেহাদীৰ সৈতে বৰপেটাৰ হাউলীত এক গোপন ঠাইত আলোচনাত মিলিত হৈছিল আৰু তাতেই আজি গ্ৰেপ্তাৰ হোৱা আব্দুছ শোৱাহান ওৰফে আব্দুছ চৌহানে অল কাইদাত (AQIS) যোগ দিছিল ৷ দুধনৈ থানাত জেৰা অব্যাহত ৰখা ইমাম আব্দুছ শোভানৰ স্বীকাৰোক্তিৰ ভিত্তিতে বঙাইগাঁৱৰ যোগীঘোপাৰ বেলতলিৰ পৰা গোৱালপাৰা আৰক্ষীয়ে কৰায়ত্ত কৰে জেহাদীটোক। ধৃত আব্দুছ শোৱাহানৰ ঘৰ গোৱালপাৰাৰ গোবিন্দপুৰত ৷
DGP - ইফালে গোৱালপাৰা জিলাত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি আৰু তিনিটা জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি দুধনৈ থানালৈ আহে আৰক্ষী সঞ্চালক প্ৰধান গৰাকী ৷ জেহদী গ্ৰেপ্তাৰ সন্দৰ্ভত গোৱালপাৰাত বৰপেটা, বঙাইগাঁও আৰু গোৱালপাৰা তিনিখন জিলাৰ আৰক্ষী অধিক্ষকৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতে দুধনৈ থানাত আহি উপস্থিত হয় DGP গৰাকী ৷ ধৃত ইমাম আব্দুছ চোভানক সোধাপোচা ও কৰে DGP গৰাকীয়ে ৷ DGP ভাস্কৰজ্যোতি মহন্তই জেহাদী সন্দৰ্ভত কয় যে, অল-কাইদাই গোপনে কাৰ্যকলাপ চলাই যোৱাৰ খবৰ পাইছিলোঁ, এই ক্ষেত্ৰত লাহে লাহে আমি সফল হৈছোঁ কিন্তু জেহাদীৰ কাৰ্যকলাপ চলাই যাবলৈ নিদিম ৷” এই হুংকাৰ প্ৰদান কৰে আৰক্ষী সঞ্চালক গৰাকীয়ে ৷