দেশত অভাবনীয় হাৰত বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বিগত দুবছৰত ৪,৪৮৪ জন লোকৰ মৃত্যু হৈছে আৰক্ষীৰ জিম্মাত। 

লোকসভাত গৃহ মন্ত্ৰালয়ে সদৰি কৰিলে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তথ্য। 

বিগত দুবছৰত দেশৰ ভিতৰত সৰ্বাধিক উত্তৰ প্ৰদেশত ৯৫২ গৰাকী লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে। 

২০২০ ৰ তুলনাত ২০২১ চনত বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত মৃত্য়ুৰ ঘটনা। 

অৱশ্যে দেশৰ অন্যান ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলত মৃত্য়ৰ হাৰ যথেষ্ট কম। 

২০২০-২১ বৰ্ষত অসমত আৰক্ষীৰ জিম্মাত ১৯ জন লোকৰ মৃত্যু। 

২০২২ বৰ্ষত অসমত আৰক্ষীৰ জিম্মাত ২২ জন লোকৰ মৃত্যু হৈছে। 

মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ডত আৰক্ষীৰ জিম্মাত মৃত্য়ুৰ সংখ্যা ১০ গৰাকীতকৈও কম। 

আনহাতে আৰক্ষীৰ জিম্মাত মৃত্যুৰ সংখ্যা শূণ্য লাডাখ, লক্ষদ্বীপ, নগৰ হাভেলীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলত।