শিৱসাগৰ জিলা পাঞ্জা সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাৰ সন্দৰ্ভত দেওবাৰৰ দিনা সংবাদ মেল সম্বোধন কৰে।সদৌ অসম আন্তঃজিলা পাঞ্জা প্ৰতিযোগিতাৰ সভাপতি তথাঅসম চৰকাৰৰ নগৰ পানী যোগান প্ৰয় প্ৰণালীৰ অধ্যক্ষ তথা প্ৰতিযোগিতাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে সবিশেষ ব্যক্তকৰে।পঞ্চম সংখ্যক এই প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিব ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ লগতে বিষয়-ববীয়াই। এই পাঞ্জা প্ৰতিযোগিতাৰ সফল সামৰণি সকলোৰে সহযোগিতা কামনা কৰে কুশল দুৱৰীয়ে।তিনিদিনীয়াকৈ শিৱসাগৰ জিলাত সদৌ অসম ভিত্তিত প্ৰতিযোগিতা আৰু বাচনি দুয়োটা হ'ব বুলি বক্তব্য কৰে।এই প্ৰতিযোগিতা সদৌ অসম পাঞ্জা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব।প্ৰতিযোগিতা খনি উন্নত মানদণ্ডৰ আৰু প্ৰচাৰ ও প্ৰসাৰৰ কৰণে সংবাদ মাধ্যমৰ সহায় সহযোগ কামনা কৰি কয় যে- ৩০০/৪০০ খেলুৱৈৰ কাৰণে থকা -খোৱাৰ ব্যৱস্থা কৰা হৈছেবুলি জানিবলৈ দিয়ে।প্ৰত্যেকখন জিলাৰ পৰা যাতেখেলুৱৈ সকলে অংশ গ্ৰহন কৰিব পাৰে তাৰ কাৰণে সংবাদ মাধ্যমৰ দ্বাৰা আহ্বান জনায়।