আজি নন্দিতা শইকীয়া হত্যা কাণ্ডৰ এটা বছৰ ।আজিও ন্যায়ৰ অপেক্ষাত পিতৃ মাতৃৰ।

যোৱা বছৰ আজিৰ দিনটোতে ধেমাজি মৰিঢল কলেজৰ পৰা পৰীক্ষা দি অহাৰ পথত কলেজ খনৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘপিয়াই হত্যা কৰিছিল ঢকুৱাখনা কাঠবাৰী গাঁৱৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক।

তাৰ পিছতে ৰিণ্টু শৰ্মাক আটক কৰি ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হব বুলি ঘোষণা কৰিছিল যদিও আজিও বিচাৰ প্ৰক্ৰিয়া উম ঘাম নাপায় পৰিয়ালবৰ্গই।

তথাপিও ন্যায় আশাত বন্দী পিতৃ মাতৃৰ তথা পৰিয়ালবৰ্গ।