পূৰ্বাঞ্চল মহাবিদ্যালয় চিলাপথাৰত নবাগত ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত-বিনিময় অনুষ্ঠান সম্পন্ন

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

চিলাপথাৰৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান পূৰ্বাঞ্চল মহাবিদ্যালয়ত বুধবাৰে মহাবিদ্যালয়খনত নতুনকৈ নামভৰ্তি কৰা বি. এ. আৰু বি. কম. প্ৰথম ষান্নাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্তৃপক্ষৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে শিক্ষক-কৰ্মচাৰী আৰু নবাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক মত-বিনিময় অনুষ্ঠান আয়োজন কৰা হয় । মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্নয়ক ৰাতুল দত্তই আঁত ধৰা অনুষ্ঠানটোত নবাগত ছাত্ৰ-ছাত্ৰীসকলক নতুন পাঠ্যক্ৰম সম্পৰ্কে বিতংভাৱে অৱগত কৰা হয় আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে মত বিনিময় কৰা হয় । অধ্যাপক মিত্ৰদেৱ মহন্তই কমাৰ্চ বিভাগৰ নতুন পাঠ্যক্ৰমৰ বিভিন্ন বিষয়সমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে । অধ্যক্ষ ডঃ ৰৌজ কুমাৰ কুটুমে ছাত্ৰ-ছাত্ৰী সকলক যিকোনো সমস্যাৰ বিষয়ে কোনো দ্বিধাবোধ নকৰি অধ্যাপক সকলৰ লগতে অধ্যক্ষক অৱগত কৰিবলৈ আহ্বান জনায় ।