স্থায়ী চিকিৎসক অবিহনে চলি আছে সোণাৰিৰ বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

সোণাৰি, ২৭ জুলাই: সোণাৰিত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপে উদঙাইছে উন্নয়নৰ প্ৰকৃত ছৱি। দীৰ্ঘদিন ধৰি স্থায়ী চিকিৎসক অবিহনে চলি আছে সোণাৰিৰ এখন চিকিৎসালয়। সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱৰ বাবেই এতিয়া বিপাঙত পৰিছে জনসাধাৰণ। বৃহত্তৰ বৰহাট অঞ্চলৰ ৫২ খন ৰাজহ গাঁৱৰ হাজাৰ হাজাৰ লোকৰ প্ৰাথমিক চিকিৎসাৰ একমাত্ৰ ভৰসাৰস্থল বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসক থকাৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে জনসাধাৰণে। আনহাতে কোনো কোনো সময়ত চিকিৎসাৰ বাবে অহা লোকসকলে চিকিৎসকৰ অভাৱৰ বাবে বিনা চিকিৎসাৰেই উভতি যাবলগীয়া হয় ঘৰলৈ। ইফালে দীৰ্ঘদিন ধৰি চিকিৎসকৰ অভাৱৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সদস্য তথা স্থানীয় টাইপা কৰ্মীসকলে অতিশীঘ্ৰেই স্থায়ী চিকিৎসক নিযুক্তিৰ দাবী উত্থাপন কৰিছে। সোণাৰি সমষ্টিটোৰ পূৱ প্ৰান্তত অৱস্থিত এই চিকিৎসালয়খন সন্দৰ্ভত সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আগন্তুক দিনত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।