স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ দুগৰাকীকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে।

তিনিচুকীয়াত এগৰাকী বোৱাৰীৰ লগতে এজন যুৱকক সংগঠনটোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত আটক কৰে। 

আটকাধীন লিংকমেন দুগৰাকী পানীতোলাৰ মৃনালী গগৈ আৰু সৌৰভ চেতিয়া বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি আটকাধীন লিংকমেন দুগৰাকীয়ে আলফাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল বুলি অভিযোগ আছে।