উৎকট গৰমে দহিছে ৰাজ্য৷গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাত বন বিভাগৰ হাতীৰ জলকেলি। সন্তান কাকমাই, জুনিয়ৰ কাৰ্তিকক লগত লৈ ফুলনদেৱী, পদ্মিনী, কাজি, কাকমাই, মোহনমালাৰ জলকেলিৰ নান্দনিক দৃশ্য।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই হাতীসমূহক নিতৌ স্নান কৰোৱাৰ বাবে অনা হয় কহঁৰা নদীলৈ।কাৰ্বি পাহাৰৰ পৰা বৈ অহা শীতল পানীত পোৱালী সহ হাতীৰ জলকেলি হৈ পৰে সকলোৰে বাবে উপভোগ্য।