অসমৰ জহা আইজং- চাউলে বিশ্ব বজাৰ দখল কৰিব। বিশ্বৰ আগশাৰীৰ দেশত সন্মানীয় স্থান দখলৰ দিশে অসমৰ সুগন্ধি জহা চাউল । কেবল জহা আইজং চাউলেই নহয় অসমৰ ১৮ বিধ কৃষিজাত সামগ্ৰী আৰবীয় দেশলৈ ৰপ্তানিৰ পৰিকল্পনাৰে আজি ASSAM AGRI INDUSTRY & RECHERS AND PVT LTD এ প্ৰতিষ্ঠানটিৰ উত্তৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰপৰা চহা চাউল আৰু চাহপাত ৰপ্তানিৰ শুভাৰম্ভ কৰা হয় ৷ প্ৰথমে ট্ৰাকেৰে চেন্নাই হৈ তাৰপৰা ডুবাইলৈ যাবলগীয়া এই চাউল আৰু চাহপাত প্ৰেৰণৰ ফ্লেগ অফ কৰে APEDAৰ ব্যৱসায় সম্প্ৰসাৰণ বিষয়া ড° অৰ্চনা নাথ আৰু ডা° ফৰিদুৰ ৰহমানে।

চৌডি আৰব, কুৱেইট, ওমান, কাটাৰ আৰু ইউনাইটেড আৰৱ এমিৰেটছকে ধৰি পাঁচ আৰৱীয় দেশলৈ অসমৰ কৃষিজাত সামগ্ৰী ৰপ্তানিৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে ASSAM AGRI INDUSTRY & RECHERS AND PVT LTD-এ। আজি ফ্লেগ অফ কাৰ্যসূচীত ASSAM AGRI INDUSTRY & RECHERS AND PVT LTD ৰ CMD মহম্মদ মেহদি আলম চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়-ববীয়াই নিজৰ মতামত ব্যক্ত কৰে।