তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ দিব্যাংগ জনৰ আয়ুক্ত কাৰ্য্যালয়ৰ উদ্যোগত আৰু তিনিচুকীয়াৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সহযোগত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ উপস্থিতিত দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন ২০১৬ সন্দৰ্ভত এখনি সজাগতা সভা অনুস্থিত কৰে ।

সজাগতা সভাখনত অসম চৰকাৰৰ দিব্যাংগ জনৰ ৰাজ্যিক আয়ুক্ত শ্ৰী দেৱেশ্বৰ বৰাই দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন ২০১৬ ৰ বিভিন্ন ধাৰাৰ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰাৰ লগতে এখনি সচিত্ৰ প্ৰদৰ্শন কৰি এই আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে সকলোকে আহ্বান জনাই।

উক্ত সভাত আয়ুক্ত গৰাকীৰ উপৰিও জিলা উপায়ুক্ত নাৰছিং পাৱাৰৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।