আটছাৰ চৰাইদেউ জিলা সমিতিৰ দায়িত্বভাৰ গ্ৰহণ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ চৰাইদেউ জিলা সমিতিৰ নৱ গঠিত কাৰ্যনিৰ্বাহক সমিতিৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানটি আজি সোণাৰিত অনুষ্ঠিত হয়। এই উপলক্ষে অসম চাহ মাজদুৰ সংঘৰ সোণাৰি শাখা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা সভাৰ পৌৰহিত্যত কৰে আটছা জিলা সমিতিৰ ভাৰপ্ৰাপ্তি সভাপতি ৰাজীৱ বাক্তিয়ে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া গণেশ গোৱালা, সহাদেৱ ধনোৱাৰ, অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ সম্পাদক প্ৰকাশ নাগ প্ৰমুখ্যে অন্যান্য বিশিষ্ট অতিথি সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত মানৱ বাক্তিক সভাপতি আৰু অজিত উৰাঙক সম্পাদক হিচাপে লৈ গঠন হোৱা আটছাৰ ২১ জনীয়া চৰাইদেউ জিলা সমিতি খনৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য সকলে দায়িত্বভাৰ গ্ৰহণ কৰে।