লখিমপুৰ জিলা ঢকুৱাখনা মহকুমালৈ সুখবৰ। অসম যুৱ অলিম্পিকত পুনৰ জিলিকিছে ঢকুৱাখনা ঘিলামৰা এজন যুৱক ৷ যুৱকজনৰ হৈছে ঘিলাম ইন্দিবৰ হাজৰিকা ৷ ইন্দিবৰ হাজৰিকাই ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । যোৱা মঙলবাৰে প্ৰথম দিনাও টাইকোৱানডোত স্বৰ্ণ পদকেৰে উজ্বলি উঠিছিল পলি গগৈ। ইপিনে ক্ৰীড়া ক্ষেত্ৰখনত পদক লাভ কৰা পাছতেই উৎফুল্লিত হৈ পৰিছে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা আৰু মহকুমাটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। শুভেচ্ছা জনাইছে বহুজনে ।