উজনি অসমৰ অন্যান্য স্থানৰ লগতে তিনিচুকীয়া জিলাৰ লাইপুলি অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ ৰূপে জ্বলা-কলা খোৱাইছে সাধাৰণ জনতাক ।

পথটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা পুখুৰী সদৃশ বৃহৎ বৃহৎ গাতৰ বাবে বিভিন্ন সময়ত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা ।

ৰাজ্যৰ অন্যতম এটা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰে চৰকাৰক পথটো মেৰামতি কৰাৰ দাবী স্থানীয় ৰাইজৰ ।