নতুন দিল্লী, ২৪ আগষ্ট। দেশৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত চিকিৎসালয়খন মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ফৰিদাবাদত চুপাৰ স্পেচিয়েলিটী অমৃতা চিকিৎসালয়ৰ উদ্বোধন কৰে।

চিকিৎসালয়খন মাতা অমৃতানন্দময়ী মঠৰ দ্বাৰা পৰিচালিত হ'ব। এই চিকিৎসালয়খনত ২৬০০ খন বিচনা উপলব্ধ আছে। ৬০ কোটি টকা ব্যয় সাপেক্ষে চিকিৎসালয়খন নিৰ্মাণ কৰা বুলি অনুমান কৰা হৈছে। ই ফৰিদাবাদ আৰু সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ লোকসকলক উৎকৃষ্ট স্বাস্থ্য সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হয়। 

উদ্বোধনী অনুষ্ঠানত অমৃতানন্দময়ী মঠৰ প্ৰতিষ্ঠাপক আৰু সভাপতি মাতা অমৃতানন্দময়ী (আম্মা), হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, উপ মুখ্যমন্ত্ৰী দুষ্মন্ত চৌটালা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰ্জাৰ উপস্থিত আছিল।