নতুন দিল্লী, ২৪ আগষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ, সবকা প্ৰয়াস'ৰ সৈতে বঞ্চিত শ্ৰেণীৰ বাবে এক অভিনৱ পদক্ষেপ। এতিয়াৰে পৰা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দেশৰ ট্ৰেন্সজেণ্ডাৰ ব্যক্তিসকলেও বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। বুধবাৰে সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত এই সন্দৰ্ভত এক চুক্তি স্বাক্ষৰিত হয়। 

এই অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া আৰু সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰো উপস্থিত আছিল। ড০ মনসুখ মাণ্ডৱিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ, সবকা প্ৰয়াস'ৰ সৈতে বঞ্চিত শ্ৰেণীৰ বাবে এই চুক্তি এক প্ৰয়োজনীয় পদক্ষেপ। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ট্ৰেন্সজেণ্ডাৰ লোকসকলেও স্বাস্থ্য আঁচনিৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বঞ্চিত শ্ৰেণীৰ বাবে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা উপলব্ধ কৰা হ'ব।