চাকিৰা আহিব বকুলতলৰ বিহুলৈ, গৰু, হিৰোৰ বহুল জনপ্ৰিয়তাৰ পিছত এইবাৰ ছৱিগৃহলৈ আহি আছে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আন এখন ছৱি 'বুলু ফিল্ম'। অহা ৯ ছেপ্টেম্বৰত ৰাজ্যৰ আটাইকেইখন ছৱিগৃহতে মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসে। আজি ছৱিখনৰ হৈ কানৈ কমাৰ্চ কলেজ, মনোহাৰী দেৱী কানৈ কলেজ, চিটি কলেজ, অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰচাৰ চলালে পৰিচালক হিমাংশু প্ৰসাদ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈকে ধৰি ছৱিখনৰ কলা-কুশলীসকলে।

ছৱিখনৰ প্ৰসংগত পৰিচালক হিমাংশু প্ৰসাদ দাসে জনোৱামতে, নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বাৰুকৈয়ে সমস্যাত পেলাইছিল লক ডাউনে। লক ডাউনৰ সময়খিনিত মূলত নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সমুখীন হৈছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মানৰ পৰিকল্পনা কৰে। সেই 'ব্লু-ফিল্ম' ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই কাহিনীৰে নিৰ্মান কৰা হৈছে 'বুলু ফিল্ম' নামৰ চিনেমাখন। ছৱিখনত পৰিচালক  হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰত ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰনামী বৰা, অপুৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস, শিখা ঠাকুৰীয়া আদিয়ে। হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিনতিত শেষ হয়। ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখন অহা ৯ চেপ্তেম্বৰত সমগ্ৰ অসমৰ চিনেমাহলত মুক্তি লাভ কৰিব।