টকিঅ', ২৩ আগষ্ট। জাপানে ৰাছিয়াৰ বিৰুদ্ধে জাপানে যি নিষেধাজ্ঞা জাৰি কৰিছে সেয়া পৰৱৰ্তী সময়লৈ বাহাল থাকিব বুলি ঘোষণা কৰে ৰাছিয়াই। ইউক্ৰেইনক সমৰ্থন অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছে জাপানে। ইফালে ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযান অব্যাহত আছে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
জাপানৰ বিত্ত মন্ত্ৰী শুনিচি চুজুকীয়ে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদাই কেবিনেট মন্ত্ৰীসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি তেওঁলোকক ইউক্ৰেইনক সমৰ্থন অব্যাহত ৰাখিবলৈ আৰু জি-৭ গোটৰ দেশসমূহৰ সৈতে সমন্বয় বজাই ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা অব্যাহত ৰখাকে ধৰি কূটনৈতিক মতামত অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব আৰু সেই অনুসৰি ব্যৱস্থাও লোৱা হ'ব। চুজুকীয়ে অৱশ্যে কয় যে মন্ত্ৰীসকলে এই সময়ছোৱাত আৰোপ কৰিবলগা কোনো নতুন নিষেধাজ্ঞাৰ বিষয়ে কথা পতা নাই। জাপানে তেওঁলোকৰ নাগৰিকসকলক ৰাছিয়া ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছে। লগতে ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাছিয়ান অঞ্চলসমূহৰ বাবে শীৰ্ষ "স্তৰ ৪" সতৰ্কবাণীও জাৰি কৰিছে। আন্তৰ্জাতিক বিত্তীয় বাৰ্তা প্ৰণালী ছুইফ্টে ৰাছিয়াৰ বেংকসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্তত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহত যোগদান কৰাৰ সিদ্ধান্ত লৈছে।