আছুৰ প্ৰতিবাদত কপি উঠিল কলাইগাও চহৰ।
অসম চৰকাৰ হাই হাই, প্ৰমোদ বড়ো হাই হাই, আৰক্ষী প্ৰশাসন হাই হাই আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে আজি আছুই কলাইগাও চহৰ।
উল্লেখযোগ্য যে দিৰ্ঘদিন ধৰি কলাইগাও সাপ্তাহিক বজাৰ দুখনৰ মাটি একাংশ ভু মাফিয়াই দখল কৰি আহিছে।তাৰ পৰিপ্ৰেক্ষিতত কলাইগাও আঞ্চলিক ছাত্ৰ সন্থাই বহু বাৰ কলাইগাও ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়াৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ ফলত আজি কলাইগাও মাজমজিয়াত কলাই গাঁও আঞ্চলিক ছাত্ৰ সন্থাই সাপ্তাহিক বজাৰৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।
শীঘ্ৰে বজাৰৰ মাটি বেদখল মুক্ত কৰিবলৈ প্ৰসাশনৰ ওচৰত দাবী জনাই।
শতাধিক আছুৰ কৰ্মী আৰু ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদে সমগ্ৰ কলাইগাও অঞ্চল আকাশ বতাহ কপাই তোলে
 
  
  
  
 