স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশত আজাদি কি অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ " হৰ ঘৰ তিৰঙ্গা " কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ। প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা নিৰ্মান কৰিবলৈ পাই আনন্দিত তেজপুৰৰ উষাপুৰ পঞ্চায়তৰ এলেকাৰ বহুকেইটা আত্মসহায়ক গোটৰ মহিলা সকল। আত্মসহাযক গোটৰ মহিলা সকল ব্যস্ত হৈ পৰিছে ঘৰে ঘৰে এই পতাকা প্ৰস্তুত কৰাত।

তেজপুৰ সদৰৰ অধীনত নেচনেল আৰ্বাণ লাইভলিহোদ মিছন ৰ দ্বাৰা ৩০ গৰাকী মহিলাৰ লগতে অন্যান্য গোট সমূহৰ জৰিয়তে বৰ্তমানলৈকে প্ৰায় ২ হাজাৰৰ ও অধিক পতাকা প্ৰস্তুত কৰি উলিয়াইছে আৰু তেওঁলোকে তেজপুৰ চহৰৰ মাজ মজিয়াত দুখন কৈ বিপনি দি সেই পতাকা সমূহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে।