আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে উত্তৰ গুৱাহাটী ৰংমহল হাইষ্কুলৰ নৱনিৰ্মিত ভৱনৰ কাম-কাজ।

তদুপৰি ৰংমমহল আঠগাঁৱত আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰও মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কণকণ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ মত বিনিময়ৰ সময়তে ছাত্ৰ ছাত্ৰী সকলক উপহাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

কেইবাটাকৈ কাৰ্য্যসূচীৰে উত্তৰ গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ গুৱাহাটীৰ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ত উপস্থিত হৈ দীৰ্ঘেশ্বৰী মাৰ শ্ৰীচৰনত পূজা অৰ্চনা কৰে ৷ পূজাৰ অন্ততঃ দীৰ্ঘেশ্বৰী দেৱালয়ৰ দ্বাৰা দক্ষিণা কালি মহাযজ্ঞৰ লগত সংগতি ৰাখি প্ৰকাশিত "মা দীৰ্ঘেশ্বৰী" শীৰ্ষক এখন আলোচনীও উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই