সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত অঘটন

পানীত পৰি চাহ শ্ৰমিকত মৃত্যু

সোণাৰিৰ সমীপৰ ৰতনপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক অঘটন। বাগিচাখনৰ মাজেদি বৈযোৱা এটা জানত পৰি এজন শ্ৰমিকৰ মৃত্যু হয়। মৃত শ্ৰমিক জনৰ নাম সোনাৰাম প্ৰজা আৰু তেওঁৰ বয়স ৫১ বছৰ বুলি জানিব পৰা গৈছে। সোণাৰি আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো গাঁওৰক্ষী বাহিনীৰ সহায়ত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে